এতিয়াও সাৰে আছো মই
অমানিশাক কথাবোৰ ক'বলৈ।
উজাগৰে ৰ'বলৈ হেঁপাহ নাই মোৰ,
জোনটো লৈ চাই পুতৌ জাগিছে,
তাইয়তো মোৰ দৰে ক'তনো নিশা উজাগৰে কটাইছে।
জোনাক সঁচাই আমাৰ লেখীয়া,
জোন আৰু তৰাৰ জিলমিল সদায় ক্ষন্তেকীয়া।
জোন,
তৰালৈ বাৰু মনত পৰেনে,
একেলগে বিলৰ পানীত চকমকাই থকা?
প্ৰতিঢৌৱে প্ৰতিবিম্বক আলিঙ্গন কৰা,
আৰু
স্থিৰ পানীত দুয়ো দুয়োকে হেঁপাহ পলুৱাই চোৱা।
তোৰ মোৰ একে দশা ও
তৰাটি ক'ৰবাত ম্লান ,হ'ল,
স্মৃতিও ধোৱাময় হ'ল,
পিছে চিন্তা নকৰিবা,
পুনৰ আহিবা বিলৰ পানীলৈ,
তৰাটিৰ সৈতে ঢৌত খেলিবলৈ।
মই..….
ময়ো নাথাকিম উজাগৰে.....
হয়তো ব্যস্ত হ'ম পুণৰ
স্মৃতি ৰচিম ধোৱাময় কৰিবলৈ।
No comments:
Post a Comment