Friday, 23 August 2019

মাকন

মাকন ঐ,
সময় আজি আগৰ দৰে হৈ নাই
ৰাতিবোৰো উজাগৰেই পাৰ হয়,
সংগীহোৱা হেডফোন ডালো হেৰাল।
জানানে,
নতুন সংগী পাইছো
কতো ৰাতি উজাগৰে কটাইছো
এখন্তেকো এৰানাই নতুন সংগীক।
মাকন,
অকল তোমাৰ কথা হে কোৱা নাই।

মাকন,
তোমাৰ কথা কম জানো(?)
...

নাই নক‌ওঁ মাকন
কলেই কিবা বুজি পাবনে!
কিমান সপোনত যে ৰং সানিলা,
কিমান শৰতত যে সুবাস শুনালা।

ঐ..মাকন
তোমাৰ সমান যে নহয় অ কোনেও
সংগীৰূপী চিগাৰেট কেইডালনো কি কৰিব?
অকল জ্বলি জ্বলি গণিবলৈ হে শিকায়
কতোনা ৰাতি মোৰসৈতে উজাগৰে কটায়।

No comments:

Post a Comment

সাউদৰ পুতেক

সাউদৰ পুতেক ঐ  নাওলৈ উজায় গৈ কোননো ঘাটতে যায় তাৰেনো ঘাটৰে সদাগৰ জিয়ৰীক বৰকৈ মনেনো খায়। ভটিয়াব নোৱাৰে, কেনেকৈ অকলে, অনুভৱ ক'তেবা হেৰ...