Saturday, 24 August 2019

জন্মদিন

কিমান সহি থাকিব পাৰিবা,
আমাৰ স্মৃতিৰ ৰং ফিকা হ'ব নিদিবা,
হয়তো মোৰ এতিয়া অধিকাৰ নাই তোমাৰ ভালপোৱাৰ,
স্মৃতিবোৰ সজীব কৰি ৰাখিবা, মোলৈ উপহাৰ।

প্ৰতিপলৰ দৰে আজিও মনত পৰিছে জানা,
তুমি কাষত থকা হ'লে ?
শুনা, তুমি বিহীন জন্মদিন কিমান যে কঠিন।

সন্ধিয়াৰ উদ্‌যাপন, মন মোৰ গহীন,
সকলোৱে আছে লগত, ম‌ইচোন সংগী বিহীন,
তুমি বিহীন জন্মদিন খুউব কঠিন।

No comments:

Post a Comment

সাউদৰ পুতেক

সাউদৰ পুতেক ঐ  নাওলৈ উজায় গৈ কোননো ঘাটতে যায় তাৰেনো ঘাটৰে সদাগৰ জিয়ৰীক বৰকৈ মনেনো খায়। ভটিয়াব নোৱাৰে, কেনেকৈ অকলে, অনুভৱ ক'তেবা হেৰ...