Showing posts with label Axomiya Kobita. Show all posts
Showing posts with label Axomiya Kobita. Show all posts

Thursday, 21 September 2023

সাউদৰ পুতেক

সাউদৰ পুতেক ঐ 

নাওলৈ উজায় গৈ

কোননো ঘাটতে যায়

তাৰেনো ঘাটৰে সদাগৰ জিয়ৰীক বৰকৈ মনেনো খায়।


ভটিয়াব নোৱাৰে,

কেনেকৈ অকলে,

অনুভৱ ক'তেবা হেৰায় ?


ৰহিমলাই নাজানে

উজনিৰ ৰংবোৰ

ভটিয়াই সেমেকি যায়....


সাহসকণ নুজুৰাই

ভটিয়লি নাওখত

উঠিহে যোৱাগৈ নাই।

Saturday, 5 August 2023

মোৰ সুখৰ সজ্ঞা

শাওঁনৰ ভৰ দুপৰীয়া

মোৰ কোঠালিৰ বাওঁফালৰ খিৰিকিৰে অহা বতাহজাকে

মৃদুকৈ চুই গ’ল।


ডাঠ ক’লা মেঘবোৰ নাইকিয়া হৈ আছে

যেন ৰ’দে আকৌ বিমৰ্ষ কৰিলেও 

ওলাই যাম উদং টিলাটোলৈ,

তাতেই সকলোবোৰ শান্তি। 

(লুকুৱাই পোত খোৱা আছে)



টিলাটোৰ কাষৰ পুখুৰিত

পদুম লেখিয়া ফুলবোৰে,

পখীয়ে আধাখোৱা পকা মধুৰিআমৰ গোন্ধবোৰে,

ৰিব ৰিব কৈ পৰি থকা কৃষ্ণচূড়াৰ পাত বোৰে,

স্মৃতিবোৰ সজীব কৰি সুখৰ সজ্ঞা তুলি ধৰে।

 

Thursday, 25 May 2023

আশা

 

কেতিয়াবা ল'গ নাপাম বুলি জানিও সেই বাটেৰেই যাওঁ

 যি বাটেৰে ধুলি উৰুৱাই ঘৰমুৱা হয় এজাক গৰু 

যত বাঁহনিডৰাৰ চালখন ৰংচুৱা কৰে ভটিয়লি বেলিটিয়ে

সেই সময় সদায় প্ৰিয় 

লগপোৱাৰ আশাইতো সকলো নহয়

 তেতিয়া হেঁপাহেই কোৰহাল তুলিধৰে মনত।

Sunday, 18 December 2022

এজনী এগ্ৰিয়ানৰ ভাষাৰে

 পঢ়িছোঁ শিকিছোঁ দুনিয়া দেখিছোঁ

নিবনুৱা নহʼম ম‌ই,

চৰকাৰী চাকৰিৰ আশাঁ নকৰি

খেতিতে ধৰিম গৈ।



নিজেই কৰি নিজেও খাম

লোকলৈ বুলি বজাৰলৈও পঠিয়াম,

যিমান কৰিম সিমানে ঘটিম

খেতিতো ভাই ভাল ইন্‌কাম্ ।


চহাৰ জীৱন চহকী জীৱন

আন দহজনে কয়,

বিলাসীতাৰ পৰা আতঁৰত থাকিও

সুখী হ'ম ম‌ই।


পুখুৰীৰ মাছ, বাৰীৰ পাচলি

ধানেৰে ভঁৰাল ভৰি

চাকৰি কৰা চাহাবে ঘুৰিব

লোকেল ক'ত পায় (?)  বিচাৰি ।

Saturday, 29 May 2021

পাগল চোন ম‌ই

 কেতিয়াবা ভাবানে ? 

লগ পোৱাৰ হেঁপাহ কিমান তোমাক,

অপেক্ষাত দিন ৰাতি একাকাৰ মোৰ।


জানা কিমান আয়োজন ?

তোমাক সাদৰে গ্ৰহণ কৰিম বুলি,

জানা কিমান বান্ধভঙা আনন্দ

তুমি আহিবা বুলি।


কেতিয়াবা দুধাৰি চকুলো বয়

কেতিয়াবা হৃদয়খন জুৰ পৰি যায়।




কোনেও নুবুজিলেও 

তুমি বুজিবা,কোন ম‌ই, 

কি আমাৰ পৰিচয়।


সকলো মানুহৰ দৰে ময়ো সপোন ৰঁচি ভাল পাঁও,

নিজৰ মাজতে ময়ো গান গাও,

তোমাৰ সৈতে।


ভাবিলেই আচৰিত লাগে

পাগল চোন ম‌ই।














Monday, 15 June 2020

আশা

জোনাক সঁচাই আমাৰ লেখীয়া
জোন আৰু তৰাৰ জিলমিল সদায় ক্ষন্তেকীয়া ।

জোন,
তৰাললৈ বাৰু মনত পাৰেনে ?
একেলগে বিলৰ পানীত চকমকাই থকা
প্ৰতি ঢৌৱে প্ৰতিবিম্ব আলিঙ্গন কৰাইছিল,
আৰু........
....স্থিৰ পানীত দুয়ো দুয়োকে হেঁপাহ পলুৱাই চোৱা।
তোৰ মোৰে একে দশা অ'
তৰাটি কৰবাত ম্লান হল,
স্মৃতিও ধোৱাময় হল,
তুমি চিন্তা নকৰিবা
পুণৰ আহিবাই বিলৰ পানীলৈ,
তৰাটিৰ সৈতে ঢৌত খেলিবলৈ।
মই....
ময়ো নাথাকিম উজাগৰে
হয়তো ব্যস্ত হম পুণৰ
স্মৃতি ৰচিম ধোৱাময় কৰিবলৈ।

Saturday, 16 November 2019

শৰৎ

আশাবোৰ ইমান হুল হৈ বিন্ধেনে?
সপোনবোৰ ইমান ঠুনুকা নহওক চোন,
চকুমুদিলেই বৰকৈ হেঁচামাৰি ধৰে,
বন্ধ হৈ যায় উশাহ,
কি যে চৰ্তপূৰ্ণ প্ৰতিপল জীবন।

শৰৎ অ’
তোৰ পৰশে মন বলীয়া কৰিছে,
ত‌ই জাননে,
তোক পাবলে কিমান বলীয়া মন,
বগা দলিচাৰ ফাঁকে হেৰাই যোৱাৰ কতো সপোন,
জীপাল প্ৰতি পূৱাৰ শেৱালি সুবাসত মচগুল মন।(?)

নাই অ’

আজি এবুকু উশাহ শেৱালি তলত বৰকৈ ল’বৰ মন গৈছে
এথোক কঁহুৱাৰ মাজতে মুখখন গুজিদিবৰ মন গৈছে,

শৰৎ অ’
আকৌ আহ্, 
তোক বৰকৈ পাবৰ মন গৈছে।

Friday, 23 August 2019

মন জায়

"মন জায় তোৰ শুকান চুলিত মাথা গুজি দিবাৰ,
তোৰ চুলিৰ আগাল দিয়া সুৰ সুৰি পাবাৰ।" - এইগ্‌লা মাত্ৰ বাহানা হে,
মন জায় তোক ভাল পাবাৰ।

"মন জায় তোক একবাৰ লাৰিৰ,
নাই দুৰত্বত তোক একবাৰ দেখিৰ।" -এইগ্‌লা মাত্ৰ বাহানা হে,
মনজায় তোক আদৰ কৰিৰ।

"মন জায় তোক ওচৰত পাবাৰ,
মন জায় তোৰ ছুৱা খাবাৰ।"-এইগ্‌লা স‌উগ বাহানা হে,
মোৰ আশা তোক সাব্‌টে ৰাখাৰ।

একদিন তোক মুই আপোন কৰিম

তোক একদিন মুই আপোন কৰিম
অইদিন তোৰ উদাং পিঠিত কবিতাৰ হাইল্‌চা গাঁথিম
যেদিন মোৰ কবিতাৰ ছন্দত নাচিব তোৰ মন
ছলচাতুৰি কবিতা দিয়া তোক পাগ্‌লা কৰিম।

হয়তো অইদিন এমুন হ'ব
সুখ তোৰ কবিতাত আবদ্ধ
দুখ (?), ভাবিৰ তোৰ আস্সানে নাহ'ব
এমুন কৰিয়ে তোক পাগ্‌লা কৰিম
খালি মোৰ কবিতায় নাহয়,
অইদিন মোকো তোৰ খুউব ভাল লাগ্‌বো।

একদিন তোক মুই আপোন কৰিম
হয়তো যেদিন মুই কবিতা দিয়া তোৰ মন কাঢ়িনিম,
হয়তো বাস্তবতায় তোক স‌উগ্ ভুলিয়া দিব
তাও তোৰ মনত মোৰ কবিতায় বাজিব।

মাকন

মাকন ঐ,
সময় আজি আগৰ দৰে হৈ নাই
ৰাতিবোৰো উজাগৰেই পাৰ হয়,
সংগীহোৱা হেডফোন ডালো হেৰাল।
জানানে,
নতুন সংগী পাইছো
কতো ৰাতি উজাগৰে কটাইছো
এখন্তেকো এৰানাই নতুন সংগীক।
মাকন,
অকল তোমাৰ কথা হে কোৱা নাই।

মাকন,
তোমাৰ কথা কম জানো(?)
...

নাই নক‌ওঁ মাকন
কলেই কিবা বুজি পাবনে!
কিমান সপোনত যে ৰং সানিলা,
কিমান শৰতত যে সুবাস শুনালা।

ঐ..মাকন
তোমাৰ সমান যে নহয় অ কোনেও
সংগীৰূপী চিগাৰেট কেইডালনো কি কৰিব?
অকল জ্বলি জ্বলি গণিবলৈ হে শিকায়
কতোনা ৰাতি মোৰসৈতে উজাগৰে কটায়।

সাউদৰ পুতেক

সাউদৰ পুতেক ঐ  নাওলৈ উজায় গৈ কোননো ঘাটতে যায় তাৰেনো ঘাটৰে সদাগৰ জিয়ৰীক বৰকৈ মনেনো খায়। ভটিয়াব নোৱাৰে, কেনেকৈ অকলে, অনুভৱ ক'তেবা হেৰ...