Monday, 15 June 2020

আশা

জোনাক সঁচাই আমাৰ লেখীয়া
জোন আৰু তৰাৰ জিলমিল সদায় ক্ষন্তেকীয়া ।

জোন,
তৰাললৈ বাৰু মনত পাৰেনে ?
একেলগে বিলৰ পানীত চকমকাই থকা
প্ৰতি ঢৌৱে প্ৰতিবিম্ব আলিঙ্গন কৰাইছিল,
আৰু........
....স্থিৰ পানীত দুয়ো দুয়োকে হেঁপাহ পলুৱাই চোৱা।
তোৰ মোৰে একে দশা অ'
তৰাটি কৰবাত ম্লান হল,
স্মৃতিও ধোৱাময় হল,
তুমি চিন্তা নকৰিবা
পুণৰ আহিবাই বিলৰ পানীলৈ,
তৰাটিৰ সৈতে ঢৌত খেলিবলৈ।
মই....
ময়ো নাথাকিম উজাগৰে
হয়তো ব্যস্ত হম পুণৰ
স্মৃতি ৰচিম ধোৱাময় কৰিবলৈ।

No comments:

Post a Comment

সাউদৰ পুতেক

সাউদৰ পুতেক ঐ  নাওলৈ উজায় গৈ কোননো ঘাটতে যায় তাৰেনো ঘাটৰে সদাগৰ জিয়ৰীক বৰকৈ মনেনো খায়। ভটিয়াব নোৱাৰে, কেনেকৈ অকলে, অনুভৱ ক'তেবা হেৰ...