কেতিয়াবা ভাবানে ?
লগ পোৱাৰ হেঁপাহ কিমান তোমাক,
অপেক্ষাত দিন ৰাতি একাকাৰ মোৰ।
জানা কিমান আয়োজন ?
তোমাক সাদৰে গ্ৰহণ কৰিম বুলি,
জানা কিমান বান্ধভঙা আনন্দ
তুমি আহিবা বুলি।
কেতিয়াবা দুধাৰি চকুলো বয়
কেতিয়াবা হৃদয়খন জুৰ পৰি যায়।
কোনেও নুবুজিলেও
তুমি বুজিবা,কোন মই,
কি আমাৰ পৰিচয়।
সকলো মানুহৰ দৰে ময়ো সপোন ৰঁচি ভাল পাঁও,
নিজৰ মাজতে ময়ো গান গাও,
তোমাৰ সৈতে।
ভাবিলেই আচৰিত লাগে
পাগল চোন মই।
No comments:
Post a Comment