Tuesday, 25 October 2022

হেঁপাহ

অনুভৱ বোৰ নথকা হ'লে, 
ঠিক যেন মদাহীৰ দৰে
বাঢ়ি যোৱা পেগ বোৰত চৰিত্ৰ কুলসিত হোৱাকৈ
সময়, তুমিও ধ্বংস হোৱাগৈ।

সপোনবোৰ নথকা হ'লে
ঠিক যেন বনৰীয়াৰ দৰে
জন্তুৰ দৰে হিংস্ৰ হোৱাকৈ
আবেগ, তুমিও প্ৰতিশোধ হোৱাগৈ।

আশাবোৰ নথকা হ'লে
মন্দিৰত ৰৈ থকা ভিকহুৰ দৰে
ভোকাতুৰ কুকুৰৰ দৰে আগভেটি ধৰাকৈ
মমতায়ো ডকাইত হয়গৈ।

No comments:

Post a Comment

সাউদৰ পুতেক

সাউদৰ পুতেক ঐ  নাওলৈ উজায় গৈ কোননো ঘাটতে যায় তাৰেনো ঘাটৰে সদাগৰ জিয়ৰীক বৰকৈ মনেনো খায়। ভটিয়াব নোৱাৰে, কেনেকৈ অকলে, অনুভৱ ক'তেবা হেৰ...