সাউদৰ পুতেক ঐ
নাওলৈ উজায় গৈ
কোননো ঘাটতে যায়
তাৰেনো ঘাটৰে সদাগৰ জিয়ৰীক বৰকৈ মনেনো খায়।
ভটিয়াব নোৱাৰে,
কেনেকৈ অকলে,
অনুভৱ ক'তেবা হেৰায় ?
ৰহিমলাই নাজানে
উজনিৰ ৰংবোৰ
ভটিয়াই সেমেকি যায়....
সাহসকণ নুজুৰাই
ভটিয়লি নাওখত
উঠিহে যোৱাগৈ নাই।
Hey You Well Come To My World
সাউদৰ পুতেক ঐ
নাওলৈ উজায় গৈ
কোননো ঘাটতে যায়
তাৰেনো ঘাটৰে সদাগৰ জিয়ৰীক বৰকৈ মনেনো খায়।
ভটিয়াব নোৱাৰে,
কেনেকৈ অকলে,
অনুভৱ ক'তেবা হেৰায় ?
ৰহিমলাই নাজানে
উজনিৰ ৰংবোৰ
ভটিয়াই সেমেকি যায়....
সাহসকণ নুজুৰাই
ভটিয়লি নাওখত
উঠিহে যোৱাগৈ নাই।
শাওঁনৰ ভৰ দুপৰীয়া
মোৰ কোঠালিৰ বাওঁফালৰ খিৰিকিৰে অহা বতাহজাকে
মৃদুকৈ চুই গ’ল।
ডাঠ ক’লা মেঘবোৰ নাইকিয়া হৈ আছে
যেন ৰ’দে আকৌ বিমৰ্ষ কৰিলেও
ওলাই যাম উদং টিলাটোলৈ,
তাতেই সকলোবোৰ শান্তি।
(লুকুৱাই পোত খোৱা আছে)
টিলাটোৰ কাষৰ পুখুৰিত
পদুম লেখিয়া ফুলবোৰে,
পখীয়ে আধাখোৱা পকা মধুৰিআমৰ গোন্ধবোৰে,
ৰিব ৰিব কৈ পৰি থকা কৃষ্ণচূড়াৰ পাত বোৰে,
স্মৃতিবোৰ সজীব কৰি সুখৰ সজ্ঞা তুলি ধৰে।
কখোনো সোপনে,
আজকেও দেখছিলাম আমি
চাঁদের আলোয় ভোর যৌবনের রূপ ।
সেইতো আগে হয়নি
বাতাশের পরশে পাই বার্তা
ঐ বাতাশ কি তোমার নিস্বাশ ?
হৃদয়ের স্পন্দন বারছে
না
ভয় পাইনি
হাঁপাছিও না
বুঝতেও পরিনি কি সে অনুভূতি ?
সে তো সপ্নের রাত ছিলো
যদি সপ্ন সত্যি হতো ?
তারা ভোরা আকাশ ছিলো
সঙ্গে চাঁদ ও ছিলো.......!
✍ 2013
কেতিয়াবা ল'গ নাপাম বুলি জানিও সেই বাটেৰেই যাওঁ
যি বাটেৰে ধুলি উৰুৱাই ঘৰমুৱা হয় এজাক গৰু
যত বাঁহনিডৰাৰ চালখন ৰংচুৱা কৰে ভটিয়লি বেলিটিয়ে
সেই সময় সদায় প্ৰিয়
লগপোৱাৰ আশাইতো সকলো নহয়
তেতিয়া হেঁপাহেই কোৰহাল তুলিধৰে মনত।
পঢ়িছোঁ শিকিছোঁ দুনিয়া দেখিছোঁ
নিবনুৱা নহʼম মই,
চৰকাৰী চাকৰিৰ আশাঁ নকৰি
খেতিতে ধৰিম গৈ।
নিজেই কৰি নিজেও খাম
লোকলৈ বুলি বজাৰলৈও পঠিয়াম,
যিমান কৰিম সিমানে ঘটিম
খেতিতো ভাই ভাল ইন্কাম্ ।
চহাৰ জীৱন চহকী জীৱন
আন দহজনে কয়,
বিলাসীতাৰ পৰা আতঁৰত থাকিও
সুখী হ'ম মই।
পুখুৰীৰ মাছ, বাৰীৰ পাচলি
ধানেৰে ভঁৰাল ভৰি
চাকৰি কৰা চাহাবে ঘুৰিব
লোকেল ক'ত পায় (?) বিচাৰি ।
কেতিয়াবা ভাবানে ?
লগ পোৱাৰ হেঁপাহ কিমান তোমাক,
অপেক্ষাত দিন ৰাতি একাকাৰ মোৰ।
জানা কিমান আয়োজন ?
তোমাক সাদৰে গ্ৰহণ কৰিম বুলি,
জানা কিমান বান্ধভঙা আনন্দ
তুমি আহিবা বুলি।
কেতিয়াবা দুধাৰি চকুলো বয়
কেতিয়াবা হৃদয়খন জুৰ পৰি যায়।
কোনেও নুবুজিলেও
তুমি বুজিবা,কোন মই,
কি আমাৰ পৰিচয়।
সকলো মানুহৰ দৰে ময়ো সপোন ৰঁচি ভাল পাঁও,
নিজৰ মাজতে ময়ো গান গাও,
তোমাৰ সৈতে।
ভাবিলেই আচৰিত লাগে
পাগল চোন মই।
সাউদৰ পুতেক ঐ নাওলৈ উজায় গৈ কোননো ঘাটতে যায় তাৰেনো ঘাটৰে সদাগৰ জিয়ৰীক বৰকৈ মনেনো খায়। ভটিয়াব নোৱাৰে, কেনেকৈ অকলে, অনুভৱ ক'তেবা হেৰ...