শাওঁনৰ ভৰ দুপৰীয়া
মোৰ কোঠালিৰ বাওঁফালৰ খিৰিকিৰে অহা বতাহজাকে
মৃদুকৈ চুই গ’ল।
ডাঠ ক’লা মেঘবোৰ নাইকিয়া হৈ আছে
যেন ৰ’দে আকৌ বিমৰ্ষ কৰিলেও
ওলাই যাম উদং টিলাটোলৈ,
তাতেই সকলোবোৰ শান্তি।
(লুকুৱাই পোত খোৱা আছে)
টিলাটোৰ কাষৰ পুখুৰিত
পদুম লেখিয়া ফুলবোৰে,
পখীয়ে আধাখোৱা পকা মধুৰিআমৰ গোন্ধবোৰে,
ৰিব ৰিব কৈ পৰি থকা কৃষ্ণচূড়াৰ পাত বোৰে,
স্মৃতিবোৰ সজীব কৰি সুখৰ সজ্ঞা তুলি ধৰে।