Sunday, 18 December 2022

এজনী এগ্ৰিয়ানৰ ভাষাৰে

 পঢ়িছোঁ শিকিছোঁ দুনিয়া দেখিছোঁ

নিবনুৱা নহʼম ম‌ই,

চৰকাৰী চাকৰিৰ আশাঁ নকৰি

খেতিতে ধৰিম গৈ।



নিজেই কৰি নিজেও খাম

লোকলৈ বুলি বজাৰলৈও পঠিয়াম,

যিমান কৰিম সিমানে ঘটিম

খেতিতো ভাই ভাল ইন্‌কাম্ ।


চহাৰ জীৱন চহকী জীৱন

আন দহজনে কয়,

বিলাসীতাৰ পৰা আতঁৰত থাকিও

সুখী হ'ম ম‌ই।


পুখুৰীৰ মাছ, বাৰীৰ পাচলি

ধানেৰে ভঁৰাল ভৰি

চাকৰি কৰা চাহাবে ঘুৰিব

লোকেল ক'ত পায় (?)  বিচাৰি ।

সাউদৰ পুতেক

সাউদৰ পুতেক ঐ  নাওলৈ উজায় গৈ কোননো ঘাটতে যায় তাৰেনো ঘাটৰে সদাগৰ জিয়ৰীক বৰকৈ মনেনো খায়। ভটিয়াব নোৱাৰে, কেনেকৈ অকলে, অনুভৱ ক'তেবা হেৰ...