Saturday, 16 November 2019

শৰৎ

আশাবোৰ ইমান হুল হৈ বিন্ধেনে?
সপোনবোৰ ইমান ঠুনুকা নহওক চোন,
চকুমুদিলেই বৰকৈ হেঁচামাৰি ধৰে,
বন্ধ হৈ যায় উশাহ,
কি যে চৰ্তপূৰ্ণ প্ৰতিপল জীবন।

শৰৎ অ’
তোৰ পৰশে মন বলীয়া কৰিছে,
ত‌ই জাননে,
তোক পাবলে কিমান বলীয়া মন,
বগা দলিচাৰ ফাঁকে হেৰাই যোৱাৰ কতো সপোন,
জীপাল প্ৰতি পূৱাৰ শেৱালি সুবাসত মচগুল মন।(?)

নাই অ’

আজি এবুকু উশাহ শেৱালি তলত বৰকৈ ল’বৰ মন গৈছে
এথোক কঁহুৱাৰ মাজতে মুখখন গুজিদিবৰ মন গৈছে,

শৰৎ অ’
আকৌ আহ্, 
তোক বৰকৈ পাবৰ মন গৈছে।

সাউদৰ পুতেক

সাউদৰ পুতেক ঐ  নাওলৈ উজায় গৈ কোননো ঘাটতে যায় তাৰেনো ঘাটৰে সদাগৰ জিয়ৰীক বৰকৈ মনেনো খায়। ভটিয়াব নোৱাৰে, কেনেকৈ অকলে, অনুভৱ ক'তেবা হেৰ...